মাহমৰা: মহাবীৰ লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি উন্মোচনক মৰাণহাটত আদৰণি টাইপাৰ কেন্দ্ৰীয় উপসভাপতিৰ
চৰাইদেউ জিলাৰ মৰাণহাটত টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়াই যোৰহাটৰ হোলোঙাপাৰত শনিবাৰে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই টাইপাৰ নেতাগৰাকীয়ে। আহোমৰ বীৰ-বীৰাঙ্গনাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ টাইপা নেতাজনে আহ্বান জনাই ৷