মাহমৰা: বিজেপি দলত যোগদানৰ অপপ্ৰচাৰ চলোৱা সন্দৰ্ভত মাহমৰাত চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ তীব্ৰ প্ৰতিক্ৰিয়া
চৰাইদেউ জিলাৰ মাহমৰাৰ বটামৰাত চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈয়ে বিজেপি দলত যোগদান কৰিব বুলি একাংশ লোকে অপপ্ৰচাৰ চলোৱাত আজি বিয়লি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যুৱ কংগ্ৰেছৰ নেতাজনে ৷ সদ্য কংগ্ৰেছ ত্যাগী সুৰুজ দিহিঙীয়াৰ ঘনিষ্ঠ গকুল গগৈয়ে কোনো কাৰণতে কংগ্ৰেছ দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়াৰ লগতে একাংশ ন বিজেপিয়ে মাহমৰা সমষ্টিত যুৱ কংগ্ৰেছৰ কৰ্মীসকলক বিজেপি দলত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ কৰে ৷