সাপেখাতী: ৰাইদাঙত ভয়ানক অগ্নিকাণ্ডত বাসগৃহ ভস্মীভূত, এক লক্ষ্যাধিক টকাৰ সামগ্রী ক্ষতি
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাং বস্তীৰ নিবাসী চুতু মূৰ্মুৰ বাসগৃহত অগ্নি কাণ্ড ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাৰ বিৱৰণী মতে আজি ৩-৩০বজাত ৰাইদাঙৰ নিবাসী চুতু মূৰ্মুৰ গৃহটো সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয়।অগ্নি কাণ্ডৰ ফলত প্ৰায় এক লাখ টকাৰ সামগ্ৰী জুইয়ে পুৰি নিঃশেষ কৰে।