সাপেখাতী: চৰাইদেউ পূৰ্বাঞ্চলত লাকিলি ডায়মণ্ড নামঘৰৰ শিলান্যাস সম্পন্ন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
অসম দৰ্শন আঁচনিৰ অধীনত আজি প্ৰায় ৩ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পূৰ্বাঞ্চল গাঁও পঞ্চায়তৰ অন্তৰ্গত লাকিলি ডায়মণ্ড নামঘৰৰ শিলান্যাস সম্পন্ন কৰে বিধায়কে। অনুষ্ঠানত নামঘৰত সেৱা জনাই ভকত-বৈষ্ণৱসকলৰ আৰ্শীবাদ লৈ সকলোৰে মংগল কামনা কৰে বিধায়কজনে। অনুষ্ঠানত বিজেপিৰ নেতা-কৰ্মীৰ লগতে স্থানীয় লোক উপস্থিত থাকে।