সাপেখাতী: চৰাইদেউত বুথৰ সভাপতিসকলৰ সৈতে আলোচনাত মিলিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰধানমন্ত্ৰী মোডীৰ জনসভাক লৈ কৰা হয় আলোচনা
১৪৭নং বুথৰ সভাপতি ভৰত ঘাটোৱাৰৰ বাসগৃহত ৯ মাৰ্চত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ যোৰহাট জনসভাত অংশগ্ৰহণ সন্দৰ্ভত ১৪১,১৪৩,১৪৪,১৪৫,১৪৭, ১৪৮,১৪৯,১৫১,১৫২,১৫৩,১৫৪,১৫৫ বুথৰ সভাপতিসকলৰ লগত আলোচনাত মিলিত হয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাট ভ্ৰমণৰ পৰা এক নতুন বাৰ্তা পাবলৈ সক্ষম হ'ম বুলি বিধায়কৰ দৃঢ় বিশ্বাস।