সোণাৰি: জিলাত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা ভিত্তিক যুৱ সমাৰোহত সাংসদ পবিত্ৰ মাঘেৰিটাৰ অংশগ্ৰহণ
আজি ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টিয়ক চাহ বাগিচা বজাৰ প্ৰেক্ষাগৃহত চৰাইদেউ জিলা যুৱ মৰ্চাৰ সভাপতি ৰুপম গগৈৰ সভাপতিত্বত জিলা ভিক্তিত যুৱ সমাৰোহ অনুষ্ঠিত হয়৷ উক্ত সভাত যুৱক সকলক মাৰ্গদৰ্শন কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাঘেৰিটা আৰু ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই ৷ লগতে ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা আৰু ৰাজ্যিক যুৱ মৰ্চাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷