কদম: বগীনদীত অসম ভীম সেনা কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল আয়োজন
অসম ভীম সেনা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত অহা ৮ ছেপ্তেম্বৰত সুধা কণ্ঠ ড°ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুস্থান আয়োজনৰ সম্পৰ্কে বৃহস্পতিবাৰে বগীনদীত এখন সংবাদমেল আয়োজন কৰে।অসম ভীম সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক প্ৰান্ত কুমাৰ দাস আৰু মূখ্য সাংগঠনিক সম্পাদক ক্ষীৰেন দাসে সংবাদমেল সম্বোধন কৰি অনুসূচিত জাতি, জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেনীসকলৰ সামগ্ৰীক উন্নয়ন, সমবিকাশ, সম অধিকাৰ আৰু কল্যানৰ স্বাৰ্থত দাবী উথ্বাপন কৰে।