শুক্ৰবাৰ দিনা দিনৰ ১২ বজাত কোকৰাঝাৰ চহৰৰ অবস্থিত কংগ্ৰেছ ভৱনত অসম প্ৰদেশ সমিতিৰ মুখপাত্ৰ তথা প্ৰাক্তন সাংসদ আব্দুল খালেকে সংবাদ মেল অনুষ্ঠিত কৰি গোলকগঞ্জত আক্ৰাছুৰ সমদলত আৰক্ষী চলোৱা অত্যাচাৰৰ নিন্দা কৰে আৰু উক্ত ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে দাবী জনায়, লগতে তেওঁ কয় যে বিজেপিয়ে সদায় মিছা কথা কয় বিজেপিক ৰাইজে বিশ্বাস নকৰে, লগতে তেওঁ ইউপিপিএল, বিপিএফক সমালোচনা কৰে