সোণাৰি: সোণাৰীত দহ লাখ টকা ব্যয় সাপেক্ষ চৰাইদেউ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
চৰাইদেউ জিলাৰ সোণাৰীত আজি সন্ধিয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অনিৰ্দ্ধাৰিত পুঁজি আঁচনিৰ অধীনত দহ লাখ টকা ব্যয় সাপেক্ষ চৰাইদেউ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে বহুকেইগৰাকী দলীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷