সোণাৰি: নাহৰহাবিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ হেলিকপ্তাৰৰ যান্ত্ৰিক বিজুতি।
শুক্ৰবাৰে দিনৰ ১ বজাত নাহৰ হাবি চাহ বাগিছাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । হেলিকপ্তাৰে অৱতৰণৰ পাছত হেলিকপ্তাৰ খনৰ যান্ত্ৰিক বিজুতি ঘটে । অৱশেষত বিজেপিৰ সভাপতি গৰাকী বাহনেৰে নাহৰহাবিৰ পৰা সোণাৰিলৈ যাত্ৰা কৰে।