সোণাৰি: চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত সাংসদ গৌৰৱ গগৈ, বন্তি জ্বলাই পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে আদৰ্শগত ৰাজনীতি স্থাপনৰ পোষকতা
দেওবাৰে ১০ বজাত ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত উপস্থিত সাংসদ গৌৰৱ গগৈ । যোৰহাট লোক সভাৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মৈদাম ক্ষেত্ৰৰ পূজাস্থলিত বন্তি প্ৰজ্বলন কৰি পূৰ্বপুৰুষক স্মৰণ কৰি নিৰ্বাচনৰ বাবে সাজু হয়। কেন্দ্ৰত চৰকাৰ গঠন হলে প্ৰথম কা' আইন বাতিল কৰাৰ আশ্বাস ।গৌৰৱ গগৈৰ লগত উপস্থিত থাকে বিৰোধী দলপতি দেবব্ৰত শইকীয়া ।