সোণাৰি: সোণাৰিত উপস্থিত কংগ্ৰেছ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ,জয়ী হ'লে চাহ বাগানৰ ৰেচন কাৰ্ড,জাতিগত প্ৰমানপত্ৰৰ সমস্যা সমাধানৰ আশ্বাস
সোণাৰিত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈ, আজি চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ প্ৰায় তেৰ খন চাহ বাগিছাত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ।সেই অনুসৰি সোণাৰিত উপস্থিত হৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে, বিজেপি চৰকাৰে ৰাইজক ঠগিছে,বাগিচা এলেকাত শ্ৰমিকক আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি কৰিছে। লগতে কংগ্ৰেছৰ পৰা বিজেপিলৈ নেতা গলেও কংগ্ৰেছ দলৰ একো ক্ষতি নহয় বুলিও কয়।