সোণাৰি: চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত সামাজিক, সংবাদ মাধ্যম কোষৰ বিশেষ সাংগাঠনিক সভাত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰীত অৱস্থিত চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি জিলাখনৰ সামাজিক মাধ্যম, সংবাদ মাধ্যম, তথ্য প্ৰযুক্তি কোষ আৰু মণ্ডলৰ বিষয়ববীয়াসকলৰ এখনি বিশেষ সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ সভাত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, জিলা সমিতিৰ সাধাৰণ সম্পাদক সাক্ষৰ গগৈ, ৰাজ্যিক যুৱ মৰ্চাৰ আমন্ত্ৰিত সদস্য সত্য গোহাঁইৰ লগতে জিলা তথা মণ্ডলৰ সামাজিক মাধ্যম কোষ, সংবাদ মাধ্যম কোষ, তথ্য প্ৰযুক্তি কোষৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷