সাপেখাতী: বৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৰুত্বপূৰ্ণ সভাত সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক প্ৰণৱ বৰগোঁহাই
শনিবাৰে আবেলি প্ৰায় চাৰি বজাত বৰুৱাছালি মৌজা ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক সাংবাদিক সন্থা,চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা,সাংবাদিক সন্থা,চৰাইদেউ জিলা সমিতিৰ সভাপতি মৃদুল চাহুৰ পৌৰোহিত্বত অনুষ্ঠিত হয়। জিলা সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই আঁত ধৰা সভাত জিলা সমিতিৰ উপ-সভাপতি ৰাতুল গগৈ, কাৰ্যনিৰ্বাহক তৰুণ গগৈ,তিলো লাহন প্ৰমুখ্যে কেইবাজনো সাংবাদিকে অংশগ্ৰহণ কৰা সভাত সন্থাৰ সাংগঠনিক দিশ,সাংবাদিকৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত আলোচনা কৰা হয়।