সাপেখাতী: বৰহাটত সাহিত্য ভৱনত বীৰ চিলাৰায় দিৱস উদ্ যাপন,অংশগ্ৰহণ কৰে চৰাইদেউ জিলা কবি সন্মিলনৰ উপ-সভাপতি দীচেন গগৈ
শনিবাৰে ২ বজাত বৰহাট শাখা সাহিত্য সভা তথা বৰহাট কল্পদ্ৰুম কবি সন্মিলনৰ উদ্যোগত আজি শৌৰ্য্য তথা অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় দিৱস উদ্ যাপন কৰা হয়।এই উপলক্ষে বীৰ চিলাৰায় প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰা হয়।অনুষ্ঠানত বৰহাট শাখা সাহিত্য সভাৰ সভাপতি বদন গগৈ, চৰাইদেউ জিলা কবি সন্মিলনৰ উপ-সভাপতি দীচেন গগৈ, বৰহাট গ্ৰাম্য পুথিভঁৰালৰ সভাপতি চক্ৰ গগৈয়ে অংশগ্ৰহণ কৰি বীৰ চিলাৰায়ৰ দেশ প্ৰেম,বীৰত্বৰ সন্দৰ্ভত দুআষাৰ কয়।