সোণাৰি: চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণিতা পাংগিঙৰ উপস্থিতিত সোণাৰী মণ্ডল মহিলা মৰ্চাৰ গুৰুত্বপূৰ্ণ সভা
চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সোণাৰী মণ্ডলৰ ১১৫ নং বুথত আগন্তক আজি আগন্তুক লোকসভা নিৰ্বাচনক উদ্দেশ্য কৰি সোণাৰী মণ্ডল মহিলা মৰ্চাৰ এখনি গুৰুত্বপূৰ্ণ দলীয় সভা অনুষ্ঠিত হয় ৷ এই সভাত বিজেপিৰ মহিলা মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভানেত্ৰী প্ৰণিতা পাংগিং, ১৫ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তা অনিতা চাহু, সোণাৰী মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী ৰিংকু চলিহা নায়ক, সাধাৰণ সম্পাদিকা পূৰৱী তামূলী আদি উপস্থিত থাকে ৷