সোণাৰি: সোণাৰীৰ বিমলাপুৰত খ্ৰীষ্টীয় সমাজত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত বিমলাপুৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ এই সভাত অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, সংখ্যা লঘু মৰ্চাৰ সভাপতি ৰাইমণ্ড কুজুৰ, যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈ, চাহ বৰ্ডৰ চেয়াৰমেন বল্লভ বাগ, সংখ্যা লঘু মৰ্চাৰ উপ সভাপতি এছৌ মাল, সাধাৰণ সম্পাদক মাইকেল চৰেণ আদি উপস্থিত থাকে ৷