সোণাৰি: চৰাইদেউ জিলাৰ মথুৰাপুৰত আম আদমী পাৰ্টীৰ কাৰ্যালয় সন্মুখত আম আদমী পাৰ্টীৰ অনশন কার্যসূচী সম্পন্ন ৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিনাচর্তে মুক্তিৰ দাবীত শাসনাধিষ্ট বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে তীব্র প্রতিবাদেৰে উত্তাল কৰি তোলে মথুৰাপুৰ অঞ্চল। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় কমিটিৰ নির্দেশ মর্মে আজি চৰাইদেউ জিলাৰ মথুৰাপুৰৰ আম আদমী পাৰ্টীৰ কাৰ্যালয় সন্মুখত আপৰ সক্রিয় কর্মীসকলে টিহাৰ জেলত বন্দী হৈ থকা আপৰ সভাপতি অৰবিন্দ কেজৰিৱালৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে শীঘ্ৰে মুক্তিৰ দাবীত পাচঁ ঘণ্টীয়া এক অনশনৰ কাৰ্যসূচী পালন কৰে।