সোণাৰি: সাপেখাতী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাপেখাতীৰ ৰাজহুৱা খেলপথাৰত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ চলাব প্ৰচাৰ। সেয়ে মুখ্যমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি বুজ ল'লে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাক লগত লৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।