নগাঁও: ধিংগেটত বেছামাৰী এম, আই, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছাদিক আনোৱাৰল সংবাদমেল
Nagaon, Nagaon | Nov 5, 2025 নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বেছামাৰী এম, আই, উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত যোৱা কেইদিনমান ধৰি বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। লগতে মধ্যাহ্ন ভোজন নিম্নমানৰ হোৱা বুলিও অভিযোগ উত্থাপন হৈছিল। নতুনকৈ নিৰ্মাণ হ'ব লগা বিল্ডিংৰো কাম অধ্যক্ষ ছাদিক আনোৱাৰৰ নিজ মৈমতালিৰে কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। তাকে লৈ আজি অধ্যক্ষ ছাদিক আনোৱাৰে নগাঁও ধিংগেইটত এক সংবাদমেলৰ আয়োজন কৰে।