ভূৰাগাঁও: ভূৰাগাঁৱত লাহৰীঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত কংগ্ৰেছৰ এখনি নিৰ্বাচনী সভা, উপস্থিত বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ
লাহৰীঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত ভূৰাগাঁৱত কংগ্ৰেছৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়। আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ প্ৰচাৰ উপলক্ষে সভা অনুষ্ঠিত কৰা হৈছিল। উল্লেখ্য যে, লোকসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই সঘনাই ভূৰাগাঁৱত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ নিৰ্বাচনী সভা। আজিৰ সভাখনত উপস্থিত থাকে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ।