লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ চুলতান আলীৰ কন্যা নাচৰিণ চুলতানাক মায়ং থানাৰ অন্তৰ্গত পাতেকীবড়ী গাঁৱৰ আনোৱাৰ হুচেইনৰ লগত বিবাহ হৈছিল। বিয়াৰ পিছৰে পৰা স্বামী আনোৱাৰ হুচেইনে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। দুটি সন্তানৰ মাতৃ হোৱাৰ পিছতো নিৰ্যাতন চলাই আহিছিল। অৱশেষত নিৰ্যাতন সহ্য কৰিব নোৱাৰি ২ জুলাই তাৰিখে সন্তান এৰি পিতৃৰ ঘৰত পলাই আহে। পিছত স্বামী গৃহই মায়ং নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত দুই সন্তানৰ মাতৃ নাচৰিণ চুলতানাই ন্যায় বিচাৰি স্বামী সহ পৰিয়ালৰ কেবাজনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ তৰিছে।