বাক্সা: তামুলপুৰত ইউপিপিএল দলৰ শান্তি পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়
Baska, Baksa | Aug 22, 2025 আজি তামুলপুৰত ইউপিপিএল দলৰ এক শান্তি পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। দলটোৰ তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ কৰ্মী সকলে এই শান্তিপদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উপস্থিত থাকে দলটোৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ,মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক জলেন দৈমাৰী আদিয়ে।