কোকৰাঝাৰ ভাগ: কুৰ্শাকাটীত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত, ইউপিপিএল চৰকাৰক সমালোচনা বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীৰ
শনিবাৰ দিনা বিয়লি ৫ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত কুৰ্শাকাটীত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়, সভাত ইউপিপিএল চৰকাৰক সমালোচনা কৰি বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীয়ে কয় যে ইউপিপিএল চৰকাৰ মানৱ বিৰোধী,কৃষক,শ্ৰমিক বিৰোধী চৰকাৰ,এই চৰকাৰ বিটিচিত ঘুৰি নাহিব,বিপিএফৰ চৰকাৰ হোৱলৈ গৈ আছে,ঘৰে ঘৰে চাকৰি দিয়াৰ তেওঁ লোকে প্ৰতিশ্ৰুতি দিছিল কিন্তু এজন যুৱকক চাকৰি দিব নোৱাৰিলে,উক্ত সভাত যুৱ বিপিএফৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্ম উপস্থিত থাকে