## টাইৱানত অনুষ্ঠিত হ’ব লগা Asia Pacific Traditional Arts Festival 2026ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব ডিব্ৰুগড়ৰ Neuwaan Caravan Bandয়ে।ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অতিজৰে পৰা বসবাস কৰা পুৰণি জনজাতি সমূহৰ কলা-কৃষ্টি,গীত-মাত,পুৰণি বাদ্যযন্ত্ৰ,লোককথা,সাধুকথা আদিবোৰ সামৰি আগবাঢ়িছে ভাৰতৰ দলতো।
## আন্তঃৰাষ্ট্ৰীয় এই অনুষ্ঠানৰৰ বাবে দিনে ৰাতিয়ে Neuwaan Carvan Brandয়ে চলাইছে কঠোৰ অনুশীলন।ক্ৰমাৎ হেৰাবলৈ ধৰা পুৰণি গীত-মাত, বাদ্যযন্ত্ৰ, লোক কথাক বিষয়বস্তক লৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ বাবে আগবাঢ়িছে দলটো। দলটোৰ শিল্পী সকল হৈছে ভাষ্কৰ জ্যোতি কোঁৱৰ, ৰ’ডালি দত্ত,ৰিম্পি বুঢ়াগোঁহাই,অংগৰাগ ফুকন,আকাশ দৰ্শন্,টিমচিনা চাউদাং বৰুৱা,অন্ন প্ৰশন্ন কাশ্যপ আৰু মানস বৰা।