আজি বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি লাবিথ ফাউণ্ডেশ্যনে My Bharat ৰ সহযোগত ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিছাৰ জগন্নাথ ভৱনত যোগ দিৱস অনুষ্ঠিত কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টংলাৰ নৱ-নিৰ্বাচিত বিধায়ক বিকন চন্দ্ৰ ডেকা, খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ অৰ্জুন দৈমাৰীৰ লগতে বহুতো বিশিষ্ট লোক।