ভূৰাগাঁও: ভকুৱামাৰী আৰু ডোঙ্গাপাৰত বিজেপিৰ নিৰ্বাচনী সভাত বহুলোকৰ অন্য দল ত্যাগ কৰি বিজেপিত যোগদান
বুধবাৰে ভকুৱামাৰী আৰু ডোঙ্গাপাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত বহুসংখ্যক লোকে বিজেপিত যোগদান কৰে। উল্লেখ্য, আজি আবেলি প্ৰায় ৪ বজাত ভকুৱামাৰী আৰু ৪.২০ বজাত ডোঙ্গাপাৰত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী সভাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত হৈ ভোটাৰ ৰাইজৰ সৈতে প্ৰাৰ্থীজন চিনাকি হয়। তেওঁলোকৰ উপস্থিতিতে বহুসংখ্যক লোকে অন্য দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।