বাক্সা জিলাৰ ককলাবাৰীৰ পুখুৰীপাৰত আজি কংগ্ৰেছ দলৰ এখনি যোগদান সভা অনুষ্ঠিত হয়। ককলাবাৰী পৰিষদীয় সমষ্টিৰ দলটোৰ টিকট প্ৰত্যাশী জগদিশ মদাহীৰ নেতৃত্বত অনুষ্ঠিত হয় যোগদান সভাখন। কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধশতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে। সভাত কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে কেবাগৰাকীও দলীয় কৰ্মীয়ে অংশগ্রহণ কৰে।