বালিসত্ৰত শনিবাৰে সন্ধিয়া শাখা ব্ৰাহ্মণ সমাজৰ উদ্যোগত মহাবিষ্ণু যজ্ঞ উপলক্ষে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।তদুপলক্ষে মহিলাৰ নাগাৰা নামৰ লগতে সম্বৰ্দ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়।অনুষ্ঠানত অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা,কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণীচৰণ কলিতা প্ৰমূখ্যে বিশিষ্ট অতিথিবৃন্দক উষ্ম আদৰণি জনাই উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ।