ওদালগুৰি জিলাৰ মাজবাটত দিন দুপৰতে চুৰে লুটি নিলে আ-অলংকাৰ আৰু নগদ টকা। জানিব পৰা মতে আজি দিনৰ ১২ মান বজাত নমাটি "খ" গাঁৱৰ নিবাসী লামাবাৰী চাহ বাগিচাৰ কৰ্মচাৰী জয়ন্ত বৰুৱাৰ ঘৰত গৃহস্ত নথাৰ সুযোগ বুজি চুৰে ঘৰৰ তলা ভাংগি ঘৰত সোমাই আলমিৰা ভাংগি নগদ টকা সহ সকলো সোনৰ আ-অলংকাৰ লৈ উধাও হয়। ১ মান বজাত জয়ন্ত ৰুৱাই ঘটনাৰ খৱৰ পাই মাজবাট আৰক্ষীক খৱৰ দিয়ে। লগে লগে মাজবাট আৰক্ষী থানাৰ এছ আই অকন চন্দ্ৰ শৰ্মা,এছ আই জুবিন কাঠাৰৰ লগত যোৱা আৰক্ষীৰ দলে ঘটনা স্থলীত উপস্থিত হয়।