সোণাৰি: সোণাৰিৰ বৰহাটত একে নিশাই ৮খন দোকানত চুৰি,তলা-লকাৰ ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী লৈ যায়
সোণাৰিৰ বৰহাট আৰক্ষী থানাৰ সমীপত দেওবাৰে পুৱতি নিশা প্ৰায় বজাত বৰহাট সাপ্তাহিক বজাৰ ৮খন দোকানৰ পৰা চিচি কেমেৰা,তলা,লকাৰ ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।উল্লেখ্য যে বৰহাট সাপ্তাহিক বজাৰৰ সঞ্জীৱ ভৌমিক,পঙ্কজ পাল,ৰঞ্জিত পাল,বিজয় দে,জয়ন্ত ৰয়,যতীন গগৈ বিদ্যুৎ দাস মুঠ ৮ জন কাপোৰ, ষ্টেচনাৰি,হোটেল আদি ব্যৱসায়ী দোকানৰ তলা,লকাৰ,চিচি কেমেৰা ভাঙি চোৰ কৰে।ইতিমধ্যে ঘটনাস্থলীত বৰহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।