সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত বিজেপিৰ প্ৰার্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মাহমৰা সমষ্টিত বিজেপি দলৰ প্ৰার্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজহুৱা খেলপথাৰত আজি নির্বাচনী সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্রীগৰাকীয়ে প্ৰথমে সভাস্থলীৰ কাষতে থকা মহাবীৰ লাচিতৰ মৈদামত শ্রদ্ধা জনাই সপ্তত্রিংশতম পাটসাঁকো কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে। লগতে পাটসাঁকো ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।