সোণাৰি: ৰজাপুখুৰীত ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
সোণাৰি সমষ্টিৰ অন্তৰ্গত ৰজাপুখুৰীত আয়োজন কৰা ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ আজি লাইখুঁটা স্থাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিহু সন্মিলনখনৰ লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানত বিহু সন্মিলনখনৰ উদযাপন সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।