কোকৰাঝাৰ ভাগ: মল্লিকাপুৰত ইউপিপিএলৰ নিৰ্বাচনী ও যোগদান সভা অনুষ্ঠিত, অগপৰ ৩০০ নেতাৰ যোগদান,উপস্থিত বিটিচিৰ ইএম উইলছন হাছদা
ৰবীবাৰ দিনা সন্ধিয়া ৬.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ৩ নং পৰিষদিয় সমিষ্টি অন্তৰ্গত মল্লিকাপুৰত ইউপিপিএলৰ এক নিৰ্বাচনী ও যোগদান সভা অনুষ্ঠিত কৰা হয় উক্ত সভাৰ জৰিয়তে অগপ দলৰ 300 গৰাকী নেতা ইউপিপিএলত যোগদান কৰে,উক্ত অনুষ্ঠানত উপস্থিত হৈ বিটিচিৰ ইএম, তথা ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী উইলছন হাছদা উপস্থিত থাকি সভাত উপস্থিত সকলো স্থানীয় ৰাইজক ইউপিপিএল প্ৰাৰ্থীক জয়ী কৰাৰ বাবে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়, উক্ত অনুষ্ঠানত আদিবাসী সংগঠনৰ নেতা সকলে অংশগ্ৰহণ কৰে