সোণাৰি: সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, কেইবাখনো বাইক মহতিয়াই নিলে যাত্ৰীবাহী বাছে, বাছখন জব্দ কৰে আৰক্ষীয়ে
চৰাইদেউ জিলাৰ সোনাৰি আৰক্ষী থানাৰ অন্তৰ্গত ASTC বাছ ষ্টেণ্ডৰ সন্মুখত একিন নামৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা তিনিখন বাইক মহতিয়াই নিয়ে। জানিব পৰা মতে বাছখনে ব্ৰেক ফেল হোৱা বাবে ঘটনাটো সংঘটিত হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাছ খন জব্দ কৰে ।