সোণাৰি: সোণাৰীৰ বৰহাটত চৰাইদেউ জিলা কৃষক মৰ্চাৰ সভাপতিৰ নেতৃত্বত এটা দলে সাংসদ তপন কুমাৰ গগৈক সাক্ষাৎ কৰি মত বিনিময় কৰে
চৰাইদেউ জিলাৰ সোণাৰীৰ বৰহাটত আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহত উপস্থিত হৈ সাংসদগৰাকীক সাক্ষাৎ কৰাৰ লগতে মত বিনিময় কৰে চৰাইদেউ জিলা কৃষক মৰ্চাৰ এটা দলে ৷ কৃষক মৰ্চাৰ জিলা সভাপতি দেৱজিত চাউৰকৰ নেতৃত্বত যোৱা দলটোৱে আগন্তক লোকসভা নিৰ্বাচনৰ বাবে সাংসদগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দলৰ সাংগাঠনিক দিশৰ ওপৰতো মত-বিনিময় কৰে ৷