মৰিগাঁও: দন্দুৱাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতালে এটা প্ৰৱঞ্চক, মৃত ব্যক্তি চহী কৰি এগৰাকী মহিলাৰ ধন হৰলুকি কৰিছিল প্ৰৱঞ্চকটোৱে
মৰিগাঁও দন্দুৱাত এটা প্ৰৱঞ্চক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। ৰাইজে কৰায়ত্ত কৰা প্ৰৱঞ্চকটো লেলাইবৰীৰ কুমুদ নাথ। কুমুদ নাথে দন্দুৱাত ভাৰতিয় হিচাবে থকা এগৰাকী মহিলাৰ ঘৰত ঘনাই অহা যোৱা কৰা ৰাইজে প্ৰতক্ষ্য কৰি আছিল। আজি কুমুদ নাথে মহিলা গৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ দিছিল মহিলা গৰাকীয়ে। ৰাইজে কৰায়ত্ত কৰি সোধ পোচ কৰে আৰু তেতিয়াই কুমুদে মাটি বন্দক দিয়াৰ নামত এজন মৃত ব্যক্তিৰ চহী কৰি মহিলা গৰাকীৰ পৰা ৩৪ হাজাৰ টকা আত্মসাত কৰাৰ কথা পোহৰলৈ আহে।