লাহৰীঘাটৰ টেঙাগুৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰক্ষী-অৰ্ধসামাৰিক বাহিনীৰ এটা বিশাল দলৰ উপস্থিতিত চলাই এই অভিযান। ভূৰাগাওঁ ৰাজহচক্ৰৰ অন্তৰ্গত দক্ষিণ টেঙাগুৰি কিছামৰ ১০৬ নং ম্যাদী পট্টা ১১০নং দাগৰ প্ৰায় ৪ কটা মাটি দীৰ্ঘদিন ধৰি অবৈধভাৱে বেদখল কৰি ৰাখিছিল ছফিকুল ইছলামে।ভুক্তভোগী হাবেজ আলীয়ে ন্যায় বিচাৰি মৰিগাঁও জিলা দেৱানী আদালতত গোচৰ তৰিছিল। আদালতৰ ৰায়দানৰ ওপৰত সুখী ভুক্তভোগী হাবেজ আলী।
Assam, India | Oct 16, 2026