সাপেখাতী: টিট্ লাগড়ত ছয়টা গৰু সহ এটা গৰু চোৰক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে
টিট্ লাগড় ১নং চোমদাৰ আৰু নগাকটা বলমীৰ লোকনাথ কুৰ্মীৰ এটা,দেবাৰুন চৰেনৰ এটা, মনোজ চৰেনৰ দুটা,ৰূপাই হেমৰমৰ এটা আৰু বসন্ত মাৰ্ডীৰ এটা গৰু সহ এজন চোৰক ৰাইজে আটক কৰি বৰহাট আৰক্ষী থানাক চমজাই দিয়ে।উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত কিছু দিনৰ পৰা অবাধ গতিত গৰু চোৰ উপদ্ৰপ হৈ আছিল।