সাপেখাতী: বৰপাত্ৰ বাগিচা শ্ৰমিক লাইন পথৰ আধাৰশিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বুধবাৰে দিনৰ ১২ বজাত বৰপাত্ৰ চাহ বাগিচা গীৰ্জা লাইন পথৰ আধাৰশিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আধাৰশিলা স্থাপন কৰি সোণাৰি সমষ্টিৰ বিধায়কগৰাকীয়ে বৰপাত্ৰ বাগিচাৰ বহু দিনীয়া এটা সমস্যা সমাধান হ'ল বুলি কোৱাৰ লগতে অচিৰেই বাগিচাখনৰ অন্যান্য সমস্যাসমূহ সমাধান কৰা হ'ব বুলি প্ৰকাশ কৰে।