সোণাৰি: নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিব বিজেপিয়ে- সোণাৰি চহৰত কʼলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই
লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ মাজতেই বিজেপি দলে ভোটাৰ ৰাইজৰ মাজত ভুৱা অৰুনোদয় ফৰ্ম বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । বিৰোধী ৰাজনৈতিক দল সমূহে এই সন্দৰ্ভত কাষ চাপিছিল নিৰ্বাচন আয়োগৰ। বিৰোধী ৰাজনৈতিক দলৰ অভিযোগৰ পাছতেই ৰাজ্যিক বিজেপিলৈ নিৰ্বাচনী বিধি ভংগৰ অভিযোগৰ কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰিছিল । নিৰ্বাচনী বিধি ভংগৰ অভিযোগত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিব বিজেপিয়ে। সোণাৰিত এই মন্তব্য কৰিলে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই।