ভূপেন হাজৰিকাৰ কালজয়ী গীতত কণ্ঠদান পুত্ৰ তেজ হাজৰিকাৰ!
গুৱাহাটী বিশ্ববিদ্যালয়ত দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতাত ‘মানুহে মানুহৰ বাবে’, ‘মদাৰৰে ফুল’ আদি গীত পৰিৱেশন কৰি আপ্লুত কৰিলে উপস্থিত গৱেষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীক।
একেদৰে ‘ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন মানৱতাবাদলৈ সেতুবন্ধন স্বৰূপ ভূপেন হাজৰিকা’ শীৰ্ষক বক্তৃতাৰে দাঙি ধৰিলে পিতৃৰ মানৱতাবাদী দৰ্শন।
Assam, India | Nov 23, 2026