তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিত আৰম্ভ হ’ল ওদালগুৰি যুৱ মহোৎসৱ ২০২৬। ওদালগুৰি ষ্টেডিয়ামত শুভাৰম্ভণী অনুষ্ঠানত মন্ত্ৰী চৰণ বড়োৱে অংশগ্ৰহণ কৰি যুৱ প্ৰতিভাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰথম দিনা কেৰিয়াৰ গাইডেন্স, মক পাৰ্লিয়ামেণ্ট, AI আলোচনাচক্ৰ, খেল-ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত । যুৱ বিপিএফ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন বৰ্ণিল কাৰ্য্যসূচী।