ওদালগুৰিৰ মান্টিকিৰিৰ ধাননি পথাৰত ২০০০ বন্তি প্ৰজ্বলন
ওদালগুৰি জিলা কৃষি বিভাগৰ উদ্যোগত আজি হৰিশিঙা কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত মান্টিকিৰি গাঁৱত কাতি বিহু উদযাপনৰ লগতে তৈল খেজুৰ খেতিৰ সজাগতা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযানৰ অধীনত অনুষ্ঠিত সভাত কৃষকসকলক আধুনিক কৃষি পদ্ধতি আৰু তৈল খেজুৰ খেতিৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ বিষয়ে সজাগ কৰা হয়। অনুষ্ঠানৰ অন্তত পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ ধাননি পথাৰত প্ৰায় ২০০০ বন্তি আৰু আকাশবন্তি প্ৰজ্বলন কৰা হয়।