গোলকগঞ্জত কালি আক্ৰাছুৰ যোৰ সমদলত আৰক্ষী প্ৰশাসনে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ বৃহস্পতিবাৰৰ দিনা দিনৰ ১ বজাত কোকৰাঝাৰ জিলাৰ ডিমলগাঁৱত অৱস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত কোকৰাঝাৰ (পূব)জিলা আক্ৰাছুৰ সভাপতি খনিক দত্ত বৰুৱাই কয় যে বিজেপিৰ হিটলাৰী শাসন সজ্য কৰা নহ'ব। তেওঁ লগতে কয় যে ৰাজবংশীৰ ওপৰত অত্যাচাৰ চলি থাকিলে বিটিচি নিৰ্বাচনত ইয়াৰ প্ৰত্তুত্যৰ দিয়া হ'ব বুলি বিজেপিক সঁকিয়াই দিয়ে