ওদালগুৰি: ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ট্ৰেফিক আইনৰ সম্পৰ্কত সজাগতা সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱা
ওদালগুৰি জিলাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত বুধবাৰে ট্ৰেফিক আইনৰ সম্পৰ্কত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্বত কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনন নাৰ্জাৰীয়ে। সভাখন আতধৰে জ্যেষ্ঠ প্ৰবক্তা ইংকু নাথে ৷সভাত ওদালগুৰি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাই ট্ৰেফিক আইন আৰু নিয়মাবলীৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানটোৰ ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি দাসে যান বাহনৰ দুৰ্ঘটনাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় ।