অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল তিনিচুকীয়াৰ কূখ্যাত গো - সৰৱৰাহকাৰী চক্ৰ ৷
অভিযানকাৰী আৰক্ষীক খুণ্ডিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰা কূখ্যাত গৰু সৰৱৰাহকাৰী চক্ৰ আৰক্ষীৰ জালত পৰিল ৷
শিৱসাগৰৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত এ এচ পি মইদুল ইছলামৰ পৰিচালনাত নগৰ উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাই চলাইছিল অভিযান৷
আৰক্ষীৰ জালত পৰিল গৰু সৰৱৰাহকাৰী চক্ৰক এচকৰ্ট দি অহা এখন AS 03 T 2388 বগা স্কৰপি'অ বাহন ৷
আৰক্ষীৰ বাধা ওফৰাই পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে স্কৰপি'অ খনৰ পৰা আটক কৰিবলৈ সক্ষম হয় হবিবুৰ ৰহমান, কোষেশ্বৰ মৰাণ, দীপাংকৰ বৰাক ৷
আনহাতে এচকৰ্ট দি অনা চক্ৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিতেই এ এচ ০৩ চি চি ৬৩৯৯ নম্বৰৰ বাহনখন বহু দূৰ খেদি খেদি নগৰৰ খাট পথাৰত আটক কৰিবলৈ সক্ষম হয় ৷
যান-যটৰ সুযোগ লৈ পলায়ন কৰে ১৩ টাকৈ গৰু কঢ়িয়াই অনা বলেৰ পিক আপ বাহনখনৰ চালক হেন্দিমেন
Dibrugarh East, Dibrugarh | Oct 7, 2026