সাপেখাতী: সাপেখাটীত বিজেপিৰ মণ্ডলৰ অন্তৰ্গত ১০৭ নং বুথৰ নিৰ্বাচনী সভাত অংশ লয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
তৃতীয় বাৰৰ বাবে কেন্দ্ৰত মোদী চৰকাৰৰ সপক্ষে সমবেত ৰাইজৰ মাজত সাপেখাটী মণ্ডলৰ অন্তৰ্গত ১০৭ নং বুথৰ সভাপতি লোহিত চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয় যুক্ত কৰি মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে । তাৰবাবে সমবেত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।