সোণাৰি: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে টেঙাপুখুৰীত টাইপাৰ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ
মঙলবাৰে চৰাইদেউৰ টেঙাপুখুৰীত টাই আহোম যুৱ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কা আমি নামানো, বিজেপি চৰকাৰ হায় হায়, সৰ্বা হিমন্ত তোমাৰ কাম নাই আদি শ্লোগান দি প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰে। উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সভাপতি ভৃগু হাটীমুৰীয়াই অংশগ্ৰহণ কৰে। আনহাতে পথ অৱৰোধৰ ফলত পথছোৱা স্তব্ধ হৈ পৰে।