বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ সোনপেড়াবড়ীত আজি বিটিআৰ চৰকাৰৰ উদ্যোগত মিছন বৈসুমতি ২.০ ৰ জৰিয়তে ভূমিহীন পৰিয়ালক ভূমি পাট্টা প্ৰদান কৰা হয়। আজি সোনপেড়াবড়ীত ৮৩ টাকৈ পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমি পাট্টা প্ৰদান কৰা হয়। আজিৰ ভূমি পাট্টা প্ৰদান কাৰ্যসূচীত বিটিআৰৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীয়ে অংশগ্রহণ কৰে।